ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) জনোৱা অনুসৰি, বংগোপসাগৰৰ ওপৰত গঠন হোৱা নিম্নচাপ মঙলবাৰে পুৱা পূব উপকূলৰ ফালে আগবাঢ়িছে । এই নিম্নচাপে অধিক শক্তি আহৰণৰ ফলত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে ।
নিজৰ বুলেটিনত আই এম ডিয়ে জনাইছে যে পুৱা ৫.৩০ বজাত ওড়িশাৰ পাৰাদীপৰ পৰা ৭৩০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত এই নিম্নচাপ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰিছে আৰু ২৩ অক্টোবৰৰ ভিতৰত ঘূৰ্ণীবতাহত পৰিণত হ’ব বুলি আশা কৰা হৈছে ।
ঘূৰ্ণীবতাহ ডানা তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ২৪ অক্টোবৰৰ শেষনিশা আৰু ২৫ অক্টোবৰৰ পুৱা পুৰী আৰু সাগৰ দ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত ১০০-১১০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগেৰে বলা বতাহৰ গতিবেগ ১২০ কিলোমিটাৰলৈকে বৃদ্ধি হ’ব । ইয়াৰ ফলত ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে সতৰ্ক কৰি দিছে ।