উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । জিলাখনৰ ছল্ট তহচিলৰ মাৰ্চুলাৰ কুপি গাঁৱৰ সমীপত এখন বাছ নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত কমেও ৩০ গৰাকী যাত্ৰীৰ মৃত্যু হয় ।
জানিব পৰা মতে বাছখনত ৪০ জনতকৈও অধিক যাত্ৰী আছিল । আলমোৰা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিষয়া বিনীত পালে নিশ্চিত কৰিছিল যে বৰ্তমানলৈকে ২০ জন লোকৰ মৃত্যু হৈছে । কিন্তু শেহতীয়া খবৰ মতে ৩০ গৰাকী যাত্ৰীৰ মৃত্য়ু ঘটিছে ৷ বাছখন গড়োৱাল মটৰ অ’নাৰ্ছ ইউনিয়ন লিমিটেডৰ বুলি জানিব পৰা গৈছে ।
ইফালে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক চিকিৎসাৰ বাবে বিমানযোগে লৈ যাবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ধামীয়ে ।