দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা প্ৰয়োজন যে, দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়লৈ আহিছে দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকী।

শ্বিলঙত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান উত্তৰ-পূব যথেষ্ট আগবাঢ়ি আছে। উত্তৰ পূবৰ ঐক্য, অৰ্থনৈতিক প্ৰগতি আৰু জাতিৰ সাংস্কৃতিক সত্তাৰ লগতে বিভিন্ন ক্ষেত্ৰক প্ৰশংসা কৰে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ লগতে কয়, উত্তৰ পূবক দেশৰ অতি গুৰুত্বপূৰ্ণ অংশ। লুক ইষ্ট নীতিৰ জৰিয়তে এই অঞ্চলটোৰ যোগাযোগ, ব্যৱসায়-বাণিজ্যকে ধৰি সৰ্বতো দিশতে দ্ৰুত উন্নয়ন সাধন হৈছে।

অনুষ্ঠানটোত প্ৰদান কৰা বক্তব্যৰ প্ৰসংগত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে জাতিৰ প্ৰতি এগৰাকী নাগৰিকৰ থাকিব লগা দায়ৱদ্ধতাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰো। অজ্ঞানতা আঁতৰাই পোহৰৰ দিশে গতি কৰিবলৈ বাস্তৱিক এক নীতিৰে চলিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়- ভাৰতত শেহতীয়াকৈ ভিন্ন দিশত বহু উত্থান ঘটিছে। এই উত্থানক অপ্ৰতিৰোধ্য কৰি তুলিবলৈ আমি সকলোৱে গুৰুত্ব দিব লাগিব। ২০৪৭ৰ ভিতৰত ভাৰত এক উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত দেশৰ যুৱক-যুৱতীসকল গুৰুত্বপূৰ্ণ অংশীদাৰ হব বুলিও দৃঢ়তা প্ৰকাশ কৰে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে।

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত উপস্থিত আছিল মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়াশংকৰ, মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেবিনেট মন্ত্ৰী ড০ মেজেল আম্পাৰিনলিংডোহ, মেঘালয় চৰকাৰৰ মুখ্য সচিব ড’নাল্ড ফিলিপছ ৱাহলাঙকে আদি কৰি বহুসংখ্যক বিশিষ্ট লোক। মেঘালয়ৰ দক্ষতা আৰু উদ্ভাৱন হাবৰ আধাৰশিলা স্থাপন অনুষ্ঠানটোত উপৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষতা আৰু উদ্ভাৱন সম্পৰ্কীয় বিষয়টো মননশীল বক্তব্য দাঙি ধৰে। তেওঁ কয়- মানুহৰ দক্ষতা উদ্ভাৱন বা আৱিষ্কাৰ নহয়। ই হৈছে আমি পৰিস্থিতি আৰু পৰিৱেশৰ সৈতে অনুকূলভাৱে চলিব পৰাকৈ এক গুৰুত্বপূৰ্ণ সমল। এই ক্ষেত্ৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আগন্তুক ৫বছৰৰ ভিতৰত দক্ষতা বিকাশ মন্ত্ৰালয়ৰ জৰিয়তে গাওঁ-চহৰৰ ৫লাখ যুৱক-যুৱতীক ইৰ্টানশ্বিপ প্ৰদান কৰি ইয়াৰ বাবে কমেও ৬০হাজাৰ কোটি টকা ধাৰ্য কৰাৰ পোষকতা কৰে।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ