বনৰীয়া হাতীৰ দেহত ৰেডিঅ’ কʼলাৰ স্থাপন…

বনৰীয়া হাতীৰ গতি-বিধি নিৰীক্ষণৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সেইমৰ্মে বনৰীয়া হাতীৰ জাকৰ দলপতি হাতীটোৰ গাত অত্যাধুনিক যন্ত্ৰ স্থাপন কৰি উপগ্ৰহৰ যোগেদি দলটোৰ গতি-বিধি লক্ষ্য কৰি সম্ভাব্য উপস্থিতি নিৰ্ধাৰণ কৰি দলটোৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতি কমোৱাৰ লগতে দলটোৰ দিশ সলনি কৰিব পৰা যাব ৷

বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত দুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ১৮ নৱেম্বৰত বনৰীয়া হাতীৰ এটা জাকৰ দলপতি মখনা এটাৰ গাত ৰেডিঅ’ ক’লাৰ স্থাপন কৰিবলৈ সক্ষম হয় বাক্সাৰ বন বিভাগ । ইয়াৰ ফলত হাতীৰ জাকটোৰ গতিবিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিবলৈ সক্ষম হ’ব জিলা প্ৰশাসনৰ লগতে বন বিভাগে ৷

জনাঞ্চলত হাতীৰ উপস্থিতিৰো আগতীয়াকৈ উমান পোৱা যাব । ৰেডিঅ’ ক’লাৰিং প্ৰকল্পটো হৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ। “অপাৰেছন ৰেডিঅ’ ক’লাৰিং প্ৰকল্প”ৰ সৈতে জড়িত আছে বাক্সা জিলাৰ বন বিষয়া, পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মা আৰু মানস টাইগাৰ ৰিজাৰ্ভৰ বন পশু চিকিৎসা বিষয়া ডাঃ বি চৌধুৰী।

বাক্সা, তামুলপুৰ আৰু নলবাৰী জিলা প্ৰশাসনে বন বিভাগক “অপাৰেছন ৰেডিঅ’ ক’লাৰিং প্ৰকল্প” সফলতাৰে সম্পন্ন কৰিবলৈ সহযোগিতা আগবঢ়ায় । বাক্সা-তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুকৰ দলঙৰ ওচৰত ১৮ নৱেম্বৰত মতা হাতীটোক ট্ৰেংকুলাইজ্ড কৰি ৰেডিঅ’ ক’লাৰিং সফলতাৰে সম্পন্ন কৰা হয় ।

স্বাভাৱিকতেই আপোনাৰ জানিবলৈ মন যাব যে এই ৰেডিঅ’ কলাৰ কি ? এই ৰেডিঅ’ কলাৰ হৈছে এবিধ সৰু ৰেডিঅ’ ট্ৰেন্সমিটাৰ আৰু বেটাৰীযুক্ত মেচিন সংলগ্ন এডাল বহল বেল্ট। এই বেল্টডাল জন্তুৰ দেহত স্থাপন কৰি জন্তুটোৰ প্ৰাকৃতিক গতি-বিধি নিৰীক্ষণ কৰিব পৰা যায় । বেল্টডালত সংলগ্ন ট্ৰেন্সমিটাৰটোৱে এটা নিৰ্দিষ্ট কম্পনাংকত সংকেত নিৰ্গত কৰে ৷ এই সংকেতে ৫ কিলোমিটাৰ পৰ্যন্ত যিটো জন্তুৰ দেহত সংলগ্ন কৰা হয়, তাৰ উপস্থিতিৰ উমান দিব পাৰে।

ৰেডিঅ’ কলাৰিঙৰ খৰচ সামগ্ৰিকভাৱে ৭-৮ লাখ টকা, যিটো জিলা প্ৰশাসনে বহন কৰাটো প্ৰায় অসম্ভৱ । সেয়ে যোৱা ১৪ নৱেম্বৰত বাক্সা জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত তামুলপুৰ জিলা প্ৰশাসনে গুৱাহাটীৰ আই আই টিৰ সৈতে বন্যহস্তী অথবা যিকোনো বন্যপ্ৰাণীৰ সন্ধানৰ বাবে কম খৰচী থলুৱা ৰেডিঅ’ ক’লাৰ নিৰ্মাণৰ বাবে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ‌। যদি সেয়া সম্ভৱ হয়, তেন্তে হস্তী-মানুহৰ সংঘাত বহু হ্ৰাস পাব আশা কৰা হৈছে । উল্লেখ্য যে চলিত বৰ্ষত জিলাখনৰ কুমাৰীকাটা বনাঞ্চলত ৪গৰাকী লোকৰ হাতীৰ আক্ৰমণত প্ৰাণহানি হোৱাৰ উপৰি এগৰাকী লোক আহত হৈছে ।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে