সোমবাৰে ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডৱিয়াক সাক্ষাৎ কৰে বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান ক’ৱে। ২০৩৬ চনত ভাৰতত অলিম্পিক আয়োজন কৰাৰ উদ্দেশ্য আৰু দেশত এথলেটিকছৰ বিকাশ সন্দৰ্ভত মাণ্ডৱিয়াৰ সৈতে আলোচনাত মিলিত হয় চেবাষ্টিয়ান।
পৰৱৰ্তী সময়ত ক’ৱে প্ৰধানমন্ত্ৰী মোডীকো সাক্ষাৎ কৰি তেওঁৰ সৈতে মত বিনিময় কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে। লগতে ভাৰতীয় এথলেটিকৰ বহুখিনি উন্নতি হৈছে। এথলেটিকৰ এই বিকাশৰ বাবে প্ৰধানমন্ত্ৰীৰ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে আৰু ২০৩৬ ৰ অলিম্পিকক লৈ আশাবাদী বুলি প্ৰকাশ কৰে চেবাষ্টিয়ানে।
উল্লেখযোগ্য যে, বৰ্তমান ব্ৰিটিছ মহানগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ পৰৱৰ্তী সভাপতি হোৱাৰ দৌৰত নামিছে আৰু এই ভ্ৰমণ তেওঁৰ বাবে সমৰ্থন আহৰণৰ অভিযানৰ অংশ বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰাত এই কথা অস্বীকাৰ কৰে।তেওঁ কয়, তেওঁ মাত্ৰ ইণ্ডিয়ান এথলেটিকছ ফেডাৰেচনৰ সহকৰ্মী সকলৰ সৈতে কিছু সময় অতিবাহিত কৰিব আহিছে।