জুবিনৰ বিৰুদ্ধে মৃত শিল্পীক লোকক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগ

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে গায়ক জুবিন গাৰ্গে কৰা এক মন্তব্যক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিতৰ্কিত মন্তব্য প্ৰদান কৰি খুজি কিল খোৱাৰ দৰে হৈছে জুবিন গাৰ্গৰ৷ গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ তিনি পিছত মাথো চাৰিটা শব্দৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা জুবিন গাৰ্গে কালি সংবাদমাধ্যমৰ সন্মুখত বিতৰ্কিত মন্তব্য কৰিছিল৷ জুবিন গাৰ্গে ৰাজীৱক উদ্দেশ্যে কয় যে ‘তাক মই ভালকৈ লগ পোৱা নাই। কিন্তু জাতি-মাটিৰ কাৰণে গান ময়ো গাইছো।’ এগৰাকী মৃত লোকক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰয়াত লোকগৰাকীৰ প্ৰত্যাহ্বান জনাই ময়ো জাতিৰ বাবে গীত গাইছো বুলি কোৱাত জুবিন গাৰ্গক একাংশ লোকে ধুই পেলাইছে৷ ইপিনে জুবিন গাৰ্গে ৰাজীৱক নাজানো বুলি কোৱা কথাষাৰ আছিল সম্পূৰ্ণ মিছা৷ কিয়নো ২০১৪ চনত ৰাজীৱ শদিয়া আৰু জুবিন গাৰ্গে একেলগে কাম কৰিছিল৷ কিয়নো ২০১৪ চনত এচি প্ৰকাডচন বাণীবদ্ধ কৰা বিহুগীতৰ অভিঅ’ চিডি ‘জীয়া নৈ’ নিৰ্মাণ কৰিছিল অণ্টু চাউদাং আৰু ৰাজীৱ শদিয়াই৷ লগতে তাৰ সংগীত আছিল ৰাজীৱ শদিয়াই৷ ‘জীয়া নৈ’ত গীত গাইছিল খোদ জুবিন গাৰ্গে৷ ২০১৪ চনৰ ৪ ডিচেম্বৰত খোদ বিহুগীতৰ অভিঅ’ চিডি ‘জীয়া নৈ’ কভাৰ ফেচবুকত পোষ্ট কৰিছিল জুবিন গাৰ্গে৷ সেইগৰাকী জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কোৱা দাবীক ৰাইজে সহজে ল’ব পৰা নাই৷ ৰাজীৱ শদিয়াৰ গুৱাহাটীৰ গ্লেমাৰ শিল্পীয়ে ভালকৈ শোক প্ৰকাশ কৰাৰ পৰা আতৰি থকা পৰিলক্ষিত হৈছে৷ অসমৰ লক্ষ লক্ষ নেটিজেনে জুবিনে ৰাজীৱক চিনি নাপাও বুলি কোৱাত উভটি ধৰি পুৰণি ফেচবুক পোষ্ট ভাইৰেল কৰি কৰিছে কেইবাটাও প্ৰশ্ন৷ জুবিন গাৰ্গক মদাহী আখ্যা দিছে একাংশ লোকে৷ চৰকাৰৰ বৰঘৰৰ গায়ক আখ্যা দিছে আন একাংশই৷ জুবিনক থকাসৰকা কৰি একাংশই কয় যে জুবিনৰ অহংকাৰ হৈছে।

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…