বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণ কৰি থকা এখন ব্ৰীজ খহি পৰি এজনৰ মৃত্যুৰ লগতে আহত হৈছে বহু লোক। এই ভয়ংকৰ ঘটনা সংঘটিত হয় গুজৰাটত। নিৰ্মীয়মান ব্ৰীজখন খহি পৰাৰ ফলত ধ্বংসস্তূপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। গুজৰাটৰ আনন্দৰ মাহী নদীৰ সমীপত নিৰ্মাণ কৰি থকা ব্ৰীজখন ভাগি পৰাৰ সময়ত তাত ডজনৰো অধিক শ্ৰমিক কৰ্মৰত হৈ আছিল বুলি জানিব পৰা গৈছে। আনন্দৰ আৰক্ষী অধীক্ষক গৌৰৱ জাছানীয়ে জানিবলৈ দিয়া মতে, প্ৰথমাৱস্থাত এই দুৰ্ঘটনাৰ ফলত ধ্বংসস্তূপত চাৰিজন শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে দুজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে এজন শ্ৰমিকৰ মৃত্যু ঘটা বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে। নেশ্যনেল হাই স্পীড ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডৰ সূত্ৰই জনোৱা মতে, ষ্টীল আৰু কংক্ৰিটৰ ব্লকৰে নিৰ্মিত ব্ৰীজখনৰ এটা অস্থায়ী অংশ ভাঙি পৰি এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে, ৫০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন কৰিড’ৰৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছিল এই ব্ৰীজখন। এই আঁচনিৰ অধীনত গুজৰাটত ৩৫২ কিলোমিটাৰ আৰু মহাৰাষ্ট্ৰৰ ১৫৬ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণ কৰা হৈছে। ইফালে এই বুলেট ট্ৰেইন প্ৰকল্পত ১২টা ষ্টেচন থাকিব বুলি জানিব পৰা গৈছে।
২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!
২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব পাৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে স্বত্ব বিচাৰি আন্তঃৰ্জাতিক অলিম্পিক সন্থাৰ ওচৰত আবেদন জনাইছে ভাৰতে।প্ৰধানমন্ত্ৰী মোডীৰ সপোন আছে ভাৰতত অলিম্পিক অনুষ্ঠিত…